টকা - Toka | A Beautiful Assamese Poetry on Toka (Money)
টকা - Toka
টকা
মই বাধ্য আৰু কৈছো সত্য,
নুশুনিবি কেতিয়াও
মন মৰা মানুহৰ
জীয়াব খোজা হাবিয়াসৰ পাতনি।
কোনে কয়
টকাই সকলো নহয়?
হাতত জাপ জাপ মাৰ্কশ্বিট
শূন্য পকেট লৈ
এটি কাম বিচাৰি ঘুৰা
লৰাজনক সুধিবি টকা কি?
জীয়াবলৈ সাহস দিয়া আপোনজনে
ধনহীনতাৰ বাবেই যেতিয়া
সংগ এৰে
সেইজন প্ৰেমিকক সুধিবি
টকা কি?
সপোনবোৰ টকাৰ অভাৱত
জলাঞ্জলি দি
মন মৰি যোৱা জনক সুধিবি
টকা কি?
এই দুনীয়া টকাৰ পুতলা।
সেয়ে মই আকৌ কৈছো
নুশুনিবি কাহানিও
মন মৰা মানুহৰ
জীয়াৰ কাহিনী।
By: জয়ন্ত দাস