Lachit Barphukan Essay in Assamese PDF 1000 Words - লাচিত বৰফুকনৰ বিষয়ে ৰচনা অসমীয়াত - Lachit Borphukan 400th Birth Anniversary
লাচিত বৰফুকনৰ বিষয়ে ৰচনা অসমীয়াত
Lachit Barphukan Essay in Assamese PDF 1000 Words - Lachit Borphukan 400th Birth Anniversary.
লাচিত ফুকন! লাচিত ফুকন! মোৰ স্বদেশৰ বীৰ!
দেশৰ কাৰণে তাহানি এদিন যাঁচিলা নিজৰ শিৰ।
দেশৰ কাৰণে, মুক্তিৰ হকে, অন্যায় ৰোধি বীৰ!
নৰ-শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰীৰ।
দেশৰ কাৰণে শুনিলা এদিন মৃত্যুৰ আৱাহন,
জাতিৰ বুকুত জগাই তুলিলা, দুৰ্মদ যৌৱন।
লাচিত বৰফুকন হৈছে এনে এগৰাকী মহান ব্যক্তি যাৰ বীৰত্বৰ কাহিনীয়ে অসমীয়াৰ জাতীয় চেতনাক উদ্বুদ্ধ কৰি আহিছে ৷ লাচিত মানেই হৈছে সাহস লাচিত মানেই হৈছে পৰাক্ৰম আৰু বীৰত্ব অন্য এটি নাম ৷ অসমৰ ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই দেখা যায় সচাই এক অপৰাজেয় ব্যক্তিত্ব তথা সংগ্ৰামৰ এক সত্ত্বা হ’ল লাচিত বৰফুকন । আজিও অসমীয়া ডেকাই লাচিতৰ সাহস তথা কৌশলী আৰু দুৰদৰ্শী নেতৃত্বক শত কৌটি বাৰ প্ৰণাম জনায় । এই গৰাকী অসমী আইৰ সুযোগ্য পুত্ৰ লাচিত বৰফুকনৰ জন্ম হৈছিল ছশ বছৰীয়া গৌৰবোজ্বল ইতিহাসেৰে সমৃদ্ধ পৰাক্ৰমী আহোম সকলৰ এটি বিখ্যাত ফৈদ লুখুৰাখন ফৈদৰ লান-ফিমা বংশত ৷ তেওঁৰ জন্ম হৈছিল ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱত তেওঁৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা ৷ তেখেতৰ ভাতৃৰ নাম মবাও-লাও আৰু লাপেট-লাও, ভগ্নীৰ নাম লাইছেং। ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা লাচিতে গ্ৰহন কৰিছিল সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই ৷ আহোম সমাজৰ পৰম্পৰাৰ দৰেই ডেকা লাচিতে সামৰিক দক্ষতাৰ লগতে শিকিছিল দৰ্শন আৰু কলা ৷
কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ দ্বাৰা তেওঁক আহোম ৰজাৰ চোলাধৰা বৰুৱা (স্কাফ-বাহক) পদত নিযুক্তিৰ বাবে বিবেচনা কৰা হৈছিল। সেই পদটো আছিল আধুনিক যুগৰ এজন প্ৰধান সম্পাদকৰ সমতুল্য। লাহে লাহে লাচিতক আহোম ৰজা চক্ৰধ্বজ সিংহক ৰজাঘৰৰ গোহালিৰ অধীক্ষক (ঘোৰা বৰুৱা) আৰু ৰয়েল হাউচহ’ল্ড গাৰ্ডৰ অধীক্ষক আদি অন্যান্য গুৰুত্বপূৰ্ণ পদবী দিয়া হয়। লাচিতৰ কৰ্মদক্ষতা দেখি ৰজা চক্ৰধ্বজ সিংহই তেওঁক বৰফুকনৰ অন্যতম বুলি পদোন্নতি দিয়ে।
উক্ত সময়ছোৱাত মোগল সাম্ৰাজ্য শক্তিশালী সেনাবাহিনীৰে সমগ্ৰ বিশ্বৰ অন্যতম বৃহৎ সাম্ৰাজ্য আছিল আৰু ভাৰতৰ এক বৃহৎ অংশত শাসন কৰিছিল। ইমান শক্তিশালী সৈন্যবাহিনীক প্ৰকৃততে পৰাস্ত কৰিব পৰা যায় বুলি ধাৰণা কৰাটোও একপ্ৰকাৰ অসম্ভৱ বুলি গণ্য কৰা হৈছিল। ১৬৬৯ খ্ৰীষ্টাব্দত অসম আক্ৰমণ কৰিবলৈ মোগলৰ সৈন্যবাহিনীৰ অসমলৈ আগমন ঘটে ৷ ১৬৬৯ খ্ৰীষ্টাব্দত আহোম আৰু মোগলৰ মাজত সংঘটিত হৈছিল আলাবৈৰ ৰণ আৰু উক্ত ৰণত একেদিনাই আহোমৰ দহ হাজাৰ সৈনিকৰ প্ৰাণ গৈছিল ৷ কিন্ত এনে জটিল সময়তো বীৰ লাচিতৰ মনোবল হ্ৰাস হোৱা নাছিল৷ আহোম ৰাজ্যৰ আভ্যন্তৰীণ বিসংগতিৰ সন্মুখীন হোৱা চমু সময়ছোৱাত মোগলে সুবিধা লৈ অসমৰ ভূখণ্ড দখল কৰাৰ লক্ষ্যৰে গুৱাহাটী দখল কৰিছিল। কিন্তু ১৬৭১ চনত শৰাইঘাটৰ যুদ্ধত লাচিতৰ বীৰত্ব তথা দুৰদৰ্শী চিন্তা আৰু আহোমসৈন্যৰ পৰাক্ৰমৰ ওচৰত নতশিৰ হৈ মোগল বৰ বেয়াকৈ পৰাজিত হৈছিল আৰু অসম দখল কৰাৰ সপোন অসম্পূৰ্ণ হৈছিল মোগলৰ বাবে। লাচিত বৰফুকনে নেতৃত্বত লোৱা শৰাইঘাটৰ ৰণ হ’ল অসমৰ বুৰঞ্জীৰ এক বিশেষ ঘটনা, এক বিশেষ অধ্যায় ৷
"মোমাই দুখণ্ড কৰা
তৰোৱাল এতিয়াও লই
তহঁতৰ কাষে কাষে
ঘূৰি ফুৰি
বিৰাজিছোঁ
শকতিৰ সূৰ্য্য সম মই
নাই ভয়, হ’ব তোৰ জয় ।"
মোগলৰ সেই অত্যাচাৰময় ক’লা দিনবোৰৰ মাজত লাচিত বৰফুকনৰ দৰে সাহসী হৃদয়ে আমাক দেখুৱাই দিলে যে আমাৰ সভ্যতাই কিয় আৰু কেনেকৈ নানা আক্ৰমণৰ পৰা ৰক্ষা পৰিছে। নিজৰ বীৰত্বৰ বলত আৰু আহোম সেনাৰ পৰাক্ৰমত শৰাইঘাটৰ ৰণত বিজয় লাভ কৰাৰ কিছুদিন পিছতেই বীৰ লাচিতৰ মৃত্যু হৈছিল ৷ ১৬৭২ খ্ৰীষ্টাব্দত মৃত্যুক সাৱটি লোৱা মহান বীৰ লাচিত বৰফুকনৰ যোৰহাটৰ হোলোঙাপাৰত মৈদাম দিয়া হয় ৷ লাচিত বৰফুকন যদিও কায়িক ভাবে আতৰি গৈছে তথাপিও প্ৰতিজন অসমবাসীৰ হৃদয়ত লাচিত বৰফুকন সদাই জীয়াই আছে আৰু সদাই জীয়াই থাকিব ৷ সাহস আৰু পৰাক্ৰমৰ বলত শৰাইঘাটৰ ৰণত জয় লাভ কৰা আহোম সেনাপতি লাচিত বৰফুকনৰ জন্মদিনটো প্ৰতিবছৰে “লাচিত দিৱস” দিৱস হিচাপে পালন কৰা হয় । ১৯৯৯ চনৰ পৰা পৰা ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী “ National defense academy ” চমুকৈ এন ডি এ য়ে লাচিত বৰফুকনৰ নামেৰে নামাকৰণ কৰা লাচিত বৰফুকন স্বৰ্ণ পদকেৰে শ্ৰেষ্ঠ পাছ আউট কেডেট সন্মান প্ৰদান কৰি আহিছে ৷
দেশৰ কাৰণে আজিও বিনায় হেজাৰ ডেকাৰ হিয়া,
দেশৰ সেনানী! আকৌ মাথোন এবাৰ হুকুম দিয়া,
আকউ এবাৰ শুনোৱা তোমাৰ ৰণ-আহ্বান-বাণী
আকউ এবাৰ ৰঙা কৰি মৰোঁ লুইতৰ বগাপানী
সচাই অসমৰ প্ৰতিটো প্ৰজন্মৰ প্ৰতিজন ব্যক্তিৰ বাবে লাচিত হৈ ৰ’ব এক সাহসৰ প্ৰতীক ৷
By Manash Pratim Sarma