শৈশৱৰ স্মৃতিয়ে ৰিঙিয়াই মাতে - Childhood Memories Ring | A Beautiful Assamese Poem on Childhood by Pinki Bora.


শৈশৱৰ স্মৃতিয়ে ৰিঙিয়াই মাতে


মনত পৰে সৰুতে কৰা সেই দুষ্টামিবোৰৰ কথা কোনো দিনেই উভতি নহা সেই দিনবোৰলৈ মনত পৰিলেই বুকু খন বিষাই যায় আকৌ আজুৰি আনিব মন যায় সেই দিনবোৰ লগৰীয়াৰ সৈতে বোকা ধেমালি কৰা সেই  দিনবোৰলৈ মনত পৰিলেই চকুত ভাঁহি আহে শৈশৱৰ  প্ৰতিচ্ছবি খনৰ কথা মাতে ৰিঙিয়াই মাথোঁ  শৈশৱৰ স্মৃতিবোৰে প্ৰতিটো খোজতে।।

লৰালিৰ সেই বৰষুণ জাকত আকৌ মন যায় তিতিবৰ, আই-পিতাইৰ গালি বোৰ শুনিলেও গালি যেনেই নালাগিছিল মন যায় পুনৰ উভতি যাবৰ সেই সোণোৱালী শৈশৱৰ মাজলৈ।।

জোনাক নিশা আগ চোতাল খনিত বহি আইতাই কোৱা সাধু কথা শুনি টোপনি যোৱা দিনবোৰেও যেন কৰে এতিয়া মাথোঁ কৰেহি আমনি অতীতৰ সেই দিনবোৰো আছিল অতি মনোমোহা সুখে - দুখে ভৰা।।


By: Pinki Bora