আকৌ উভতি আহিবা বুলি - Akou Ubhoti Ahiba Buli | A Sad Assamese Poetry by Pinki Bora


আকৌ উভতি আহিবা বুলি

ভাললগা শব্দটিৰ পৰাই
ভালপোৱাৰ নাম দি 
হৃদয়ৰ কোণত স্থান দিছিলো তোমাক 
তুমি বিহীনতাত কটোৱা 
প্ৰতিতো সময়ো যেন আছিল 
মোৰ বাবে এক যন্ত্ৰণাদায়ক 
এতিয়া মাথোঁ অপেক্ষা তোমালৈ বুলি 
উভতি অহাৰ আশাৰে।।

ৰাখোঁ বুলি কাকো ধৰি বান্ধি নোৱাৰোঁ ৰাখিব 
চিনিবও নোৱাৰোঁ মাথোঁ 
আজিৰ পৃথিৱীখনৰ বহুৰূপী মানুহৰ মন 
সময়ৰ চাকনৈয়াত পৰি 
তুমিও হৈ গলা সলনি 
বাট চাই আছোঁ এতিয়া 
মইও মাথোঁ তোমালৈ বুলি 
আহিবা এদিন উভতি।।

কেনে আছোঁ মই
সুধিবলৈ যেন আজি কাৰো নাই আজৰি 
তুমি হীনতাই খুলি খুলি খাইছে মোকো আজি 
বাট চাই আছোঁ মাথোঁ 
এদিন উভতি আহিবা বুলি।।


By:  Pinki Bora