কৃষ্ণচূড়াৰ হাঁহি - Krishnasurar Hahi | A Beautiful Assamese Poem on Royal Poinciana
কৃষ্ণচূড়াৰ হাঁহি - Krishnasurar Hahi
কৃষ্ণচূড়াৰ হাঁহি
কৃষ্ণচূড়াৰ হাঁহি
আলোড়িত মন;
মেঘাচ্ছন্ন আকাশ
সৰা পানীৰ গীত শুনো ঘনে ঘন।
হৃদয়ত ঝংকাৰীত মেঘমল্লাৰ ৰাগ।
মৃদু বতাহে কলিজাত সানি যায় ভালপোৱাৰ এমুঠি অনুৰাগ।
মৌনতাৰ পৰিধি ভাঙি সুৰ এটি বাজে।
আকাশৰ মৰমত অপক্ক কৃষ্ণচূড়াৰ কলিটিয়ে লাজত মিচিকি হাঁহে।
অস্থিৰতাৰ বান্ধোন ছিঙি ,প্ৰতিপলৰ বেদনা ভঙা এইয়া ক্ষণিকৰ সুখ।
আৱেগত স্পন্দিত ,উদাস হৃদয়ত কৃষ্ণচূড়াৰ হাঁহিয়ে সনা সুখ।
খবৰ নিদিয়াকৈয়ে আলহী হৈ নমা বাৰিষাৰ ৰাগিনীয়ে কলিজাত সনা সুখ।
By: ডিম্পী বৰা