আধৰুৱা প্ৰেম
আধৰুৱা প্ৰেম
আধৰুৱা প্ৰেম
২০১৭ চন মোৰ কলেজ জীৱনৰ প্ৰথম আৰম্ভণি। আগষ্ট মাহৰ ১ তাৰিখ মঙ্গল বাৰ, মোৰ এটা স্বভাৱ আছিলে কোনো দিন মই প্ৰথম দিনত যোৱা নাছিলোঁ, সদাই তাৰ পিছৰ দিনৰ পৰা হে যাওঁ কাৰণ প্ৰথম দিন টোত মেম্,চাৰ হত কেনে মই লগৰ বন্ধু বোৰৰ পৰা জানি লওঁ আৰু তাৰ পিছৰ দিনৰ পৰা যাওঁ। ২ তাৰিখ বুধবাৰ মই কলেজলৈ বুলি উলালোঁ, যাওঁতে যিহেতু গণেশ মন্দিৰৰ সমুখেদি যাওঁ মই সেৱা কৰি গলোঁ যেন প্ৰথম দিনটো ভাল দৰে যায়।
কলেজৰ সময় আছিলে ৯ বজাত যিহেতু মোৰ মেজৰ ৰাজনীতি বিজ্ঞান ত আছিলে গতিকে মই উক্ত সময়ত এ গৈ পাইছিলো।
প্ৰথম ক্লাছ আমাৰ ৰাজনীতি বিভাগৰ মুৰব্বী অধ্যাপিকা বাইদেউ এ কৰিছিল আৰু যিহেতু হাইস্কুলত এ পঢ়ি যোৱা বস্তু বোৰ পাইছিলো গতিকে মই যি সুধিলে লগে লগে উত্তৰ দিছিলোঁ। কাৰণ এই বিষয়টো মোৰ প্ৰিয় আছিল।যাৰ বাবে মোক আমাৰ বিভাগৰ সকলো চাৰ,মেম হতে খুব ভাল পাইছিল, ৩ তাৰিখ বৃহস্পতিবাৰে মই আমাৰ কলেজৰ ১০ নম্বৰ ৰোমত বহি কিবা লিখি আছিলোঁ, তেনেতে মোৰ চকু পৰিছিল এজনী ছোৱালীৰ উপৰত, তাই দেখিবলৈ খুব ধুনীয়া আছিলে,আৰু বহুত মৰম লগা, মই হাইস্কুললৈ কোনো ছোৱালীৰ লগতে কথা পাতি পোৱা নাছিলোঁ, বা ইমান মন ও কৰা নাছিলোঁ কিন্তু তাইক সেইদিনা দেখি মোৰ কিবা এটা ভাল লাগিছিল, নাজানো সেয়া মোৰ ভালপোৱা আছিলে নে কিবা বেলেগ আছিলে। কাৰণ কলেজ বুলি কলেই ছোৱালী লৰা বোৰ পঢ়াত কৈ বেছি ব্যস্ত ভালপোৱা, প্ৰেম এই বোৰৰ মাজত কিন্তু তাই তেনে নাছিল, তাই অইন ছোৱালীৰ তুলনাত সম্পূৰ্ণ বেলেগ আছিলে কাৰণ তাই বহি শিক্ষা বিভাগৰ কিবা নোট লিখি আছিলে, মই গম পালো কাৰণ মই যেতিয়া মোৰ দ্বিতীয় ক্লাছ আৰম্ভ হোৱাৰ সময়ত তাইৰ কাষেৰে গৈছিলো।
সেই দিনা তেনেকৈ গল, সিদিনা দিনটো । ঘৰত আহি মই তাইৰ কথা সেদিনা খুব চিন্তা কৰিছিলোঁ, নাজানো সেইদিনাই কিজানি মোৰ প্ৰথম ভালপোৱা হই গৈছিল।
তাৰ পিছদিনা মই ভাবিলো তাইৰ নাম আৰু কোন বিভাগৰ হয় তাৰ খবৰ লম, তেনেকৈ সেইদিনা মোৰ পঢ়া ত অলপো মন নগল কলেজত, যিহেতু প্ৰথম বৰ্ষত সকলোৰে মেজৰ বিষয়ৰ উপৰিও সাধাৰণ বিষয় থাকে গতিকে তাত সকলোকে লগ পোৱা যায়, তাতে মোৰ ভাল চিনাকি হৈ গল কেইজন মান বন্ধুৰ লগত. পিংকি, সংগীতা, চেহনাজ, চবিন, বিকি, পল্লৱ, এওঁলোক যদিও বেলেগ বিভাগৰ আছিলে তথাপিও তাহাতৰ লগত মোৰ খুব ভাল বন্ধুত্ব হৈছিল।
তেনেতে গম পালো সেই যে মই ক্লাছৰ দেখা ছোৱালী জনি আছিলে, তাইৰ ভাল লগৰী মোৰ নতুনকৈ বন্ধু হোৱা চেহেনাজ বোলা ছোৱালী জনি, তাইৰ পৰা মই সেই ছোৱালী জনৰ নাই জনিলো তাইৰ নাম আছিল তৰা, তাইৰ মেজৰ নাছিল তাই জেনেৰেল বিষয়ৰ ছাত্ৰী আছিল।
তাইক মই তেতিয়াৰ পৰা কলেজ গলেই চাইছিলো, কিবা ভাল লগা হৈ গৈছিল।
তেনেকৈ মই লাহে লাহে তাইৰ বিষয়ে আৰু অধিক জানিবলৈ চেষ্টা কৰিছিলোঁ, প্ৰথমে তাইৰ কোনোবা ভালপোৱা আছেনে খবৰ কৰিছিলোঁ কিন্তু তাইৰ লগৰ জনিয়ে কোৱা মতে তাইৰ কোনো ভালপোৱা নাই।
তেতিয়া মই আৰু অধিক সুখী হৈছিলোঁ সেয়া শুনি, তেনেকৈ আমাৰ প্ৰথম বৰ্ষৰ ফাইনেল পৰীক্ষা আহি পালে আৰু মই পঢ়াত ব্যস্ত হৈ গৈছিলো, আমাৰ পৰীক্ষাৰ মাজতে এদিন তাইৰ আৰু মোৰ চিনাকি হৈছিল, আৰু আমি এজনে আন জনৰ নাম গম পালোঁ। তেনেকৈ আমি পৰীক্ষাৰ শেষৰ ফালে এজনে আন এজনৰ নম্বৰ পালো কাৰণ মোৰ ৰাজনীতি বিভাগৰ মেজৰ আছিল আৰু তাইৰ পাছ - কৰ্ছ আছিলে সেইটো বিষয়।
তেনকৈ আমি মাজে মাজে হুৱাটচাপ ৰ মাজেদি কথা পতা কৰিলোঁ, কাৰণ তাই সদাই দুখৰ স্তেটাচ দিছিল,গতিকে মই কিবা হৈছে নেকি জানিব বিচাৰিছিলো তেতিয়া তাই দুখ কৰি মোক জনাইছিল যে তাই এজন লৰাক ভাল পাইছিল সি আছিলে তাইৰ মামাক হতৰ গাওঁৰ কিন্তু সি কোনোদিনে তাইক সঁচা ভাল নাপালে সি তাৰ লগৰ বান্ধৱী জনিক হে ভাল পাইছিল তাৰ বাবে তাই সদাই দুখ কৰি থাকে, সেইটো কথা গম পাই মই তাইক বহুত কথা এ বুজালো আৰু কৈছিলো যে তোমাক যুনে চিনি নাপাই আৰু মূল্য দিব নাজানে তেওঁৰ ওচৰত কেতিয়াও নিজকে সৰু বুলি নভাবিবা যাৰ ওচৰত তোমাৰ চকুপানী ৰ মূল্য নাই তাৰ ওচৰত তুমি কান্দি জানো কিবা আছে।
তেনেকৈ মই সদাই তাইৰ সাহস দিছিলোঁ আৰু অকলশৰীয়া অনুভৱ হব দিয়া নাছিলোঁ,কিন্তু মই অকল তাইক ফোনৰ মেচেজ বোৰত হে কব পাৰিছিলো তাই যেতিয়া মোৰ সমুখত আহিছিল কলেজত মই একো কব নোৱাৰা হৈ যাওঁ,আৰু ভয় ভয় লাগে, তাই মোক কলেজৰ পৰা আহি সন্ধিয়া সদাই জুকাই তুমি মোৰ সম্মুখত কথা কবলৈ ছোৱালীৰ দৰে কিয় লাজ কৰা... তেনে কৈ।
মই এনে বুলি কই কথা বোৰ সলাই দিও... এনেদৰে আমাৰ মাজৰ কথা বতৰা বোৰ লাহে লাহে বেছি হবলৈ ধৰিলে,মই কি ভাল পাও,কি খাই ভাল পাও, জন্ম দিন, আদি সকলো কথা এ ইজনে আন জনৰ গম পোৱা হৈছিলোঁ। এদিন তাই মোক কথাৰ মাজতে হঠাৎ সুধিছিল তোমাৰ ভালপোৱা আছে নেকি? মই নাই বুলি কৈছিলো।
এনেদৰে আমি বহুত ওচৰ চাপি আহিছিলো দিনে দিনে আৰু কলেজত যিহেতু সকলো বন্ধুৱে আমাক দেখিছিল একে লগে থকা সকলো টাইম ত এ গতিকে তাহাতে আমাক খুব যোকাইছিল।
আমি কিন্তু কান দিয়া নাছিলোঁ কাৰণ তেতিয়ালৈ আমি খুব ভাল বন্ধুৰ দৰে আছিলোঁ... কিন্তু মই যে তাইক ভাল পাইছিলো তাইৰ বান্ধৱী ছেহেনাজ এ আৰম্ভণিৰ পৰা এ জানিছিল আৰু তাই সদায় তাইক কইদিম বুলি মোক কৈছিল আৰু মই মানা কৰিছিলো কাৰণ মই যিহেতু কোনো ছোৱালীৰ লগত ইমান কথা পাতি পোৱা অভিজ্ঞতা নাছিল গতিকে তাই যদি এই কথাটো গম পাই মোক চৰ মাৰি দিয়ে আৰু ঘৰলে যদি কথা বোৰ যাই পাই যে মই কলেজত পঢ়িবলৈ যায় এইবোৰ কাৰো তেতিয়া মোক মা হতে পঢ়া এৰাই দিব এই বোৰ ভাবি মই মানা কৰিছিলো ।
তাই ও মোৰ কথা মতে কোনো দিনে কোৱা নাছিল কিন্তু মোক এটা কথা জনাইছিল যে চাবা চকু আগত কিন্তু কোনোবা বেলেগে এ পতাই লব, মই একো নহয় দিয়া বুলি কয় থৈ দিছিলো।
এনেদৰে দুৰ্গা পূজাৰ সময় আহি পাইছিল আৰু কলেজ বন্ধ হবৰ হৈছিল তেনেতে এদিন মই গম নোপোৱা কৈ তাইৰ বান্ধৱী জনিয়ে তাইক কৈছিল যে তোক ভাস্কৰে ভাল পাই, তাই কথাটো গম পাই মনে মনে থাকিলে এদিন হঠাৎ তাই মোক সুধিছিল তুমি মোক ভাল পোৱা নেকি?
মই নাই নাই বুলি কৈছিলো।
কাৰণ সেইদিনা মই কথাটো শুনি খুব ভয় খাইচিলোঁ কিন্তু তাই অলপ ধেমালি ধৰণত লৈছিল কথাটো গতিকে মই অলপ উশাহ লৈছিলোঁ শান্তি ত কাৰণ মই গম পাইছিলো তাই খং কৰা নাই।
কিন্তু সেইদিনাৰ পৰা মোক তাই খুব সেই কথাটো লৈ যুকোৱা আৰম্ভ কৰিছিল।আৰু মই খুব লাজ পাইছিলো, এনেদৰে আমাৰ কলেজৰ এটা বছৰ কেনেকৈ পাৰ হৈ গৈছিল গমকে নাপালোঁ।
মই সদাই তাইক কম বুলি ভাবিছিলো যিহেতু তাইক ভালপোৱা কথা টো গম পাইছিল গতিকে মই কম বুলি ভাবো যদিও যেতিয়াই কব খোজোঁ মই খুব ঘামি যাওঁ,আৰু মাতটো সৰুহৈ আহে আৰু ভৰি দুখন কপি আহে আৰু মই তাইক একো নাই বুলি গুচি আহোঁ। কিন্তু হলেও মই তাইক এদিন মেছেজত এ কৈছিলো মই তোমাক বহুত ভাল পাও বুলি কিন্তু তাই মোক সুধিছিল যে তুমি ও মোক কন্দুৱাই আঁতৰি যাবা নেকি, মোক অকলশৰীয়া অনুভৱ হব দিবা নেকি? মই একে মুখে উত্তৰ দিছিলোঁ যে তোমাৰ চকুত কোনোদিনে মই চকুপানী আহিব নিদিওঁ। মই তাইক অন্তৰৰ পৰা কথা দিছিলোঁ কাৰণ এজনী ছোৱালীয়ে নিজৰ ভালপোৱা জনৰ পৰা এটা ই বস্তু বিচাৰে সেইটো হল বিশ্বাস আৰু সকলো তাইমতে যাতে তাইৰ ওচৰত থাকে। কিন্তু সেইখিনি শুনা ৰ পিছত তাই মোক কৈছিল যে তোমাৰ ভালপোৱা প্ৰস্তাৱ ৰ উত্তৰ মই তোমাক দিম অতি সোনকালে তুমি মোক অলপ সময় দিয়া মই হব বুলি কৈছিলো এনেকৈ তাই মোক অক্টোবৰ মাহৰ ১৬ তাৰিখে তাই ও মোক ভালপোৱা বুলি কৈছিল।আৰু সেইদিনা মোৰ জীৱনৰ খুব এটা সুখৰ দিন আছিলে। মই যিটো কথাৰ মাজেৰে ব্যক্ত কৰিব নোৱাৰোঁ।
তেনেকৈ আমাৰ সম্পৰ্কৰ কথা সম্পূৰ্ণ কলেজে গম পোৱা হই গল তেনেতে মোক কেইজন মান বন্ধুৱে সুধিছিল তাই টোৰ গাৰ্ল ফ্ৰেন নেকি? মই "অ" বুলি কোৱাত সকলোৱে মোক কৈছিল যে তাই দেখুন প্ৰতীম ৰ হে গাৰ্ল ফ্ৰেন তেতিয়া মই বহুতে হতাশ হৈছিলোঁ সেইটো কথা শুনি । কিন্তু মই তাইক একো নুকুৱা হৈ গৈছিলো, কেইদিন মান মই তাইৰ লগত সম্পূৰ্ণ কথা পতা বন্ধ কৰি দিছিলোঁ কাৰণ মই ভাবিছিলো যে তাই যদি বেলেগ কাৰোবাক এ ভাল পাই মোক কিয় কাকো ভাল নাপাওঁ বুলি কলে? মই টো দুজন ভালপোৱাৰ মাজত কেতিয়াও আহিব নুখুজো সেইয়ে মই তাইৰ পৰা কেইদিন মান মতবুল বন্ধ কৰি দিছিলোঁ। তাই কিন্তু মোক খবৰ কৰিব বহুত চেষ্টা কৰিছিল আৰু ফোন ও কৰিছিল কি হৈছে বুলি কিন্তু মই একো উত্তৰ দিয়া নাছিলোঁ। কিন্তু তাই যেতিয়া কান্দি মোক কৈছিল মই যাকে ভাল পাব চেষ্টা কৰোঁ মনৰ পৰা সি এ আঁতৰি যায় মোক কান্দুৱাই। সেইটো শুনি মই ও বহুত কষ্ট পাইছিলো আৰু লগে লগে তাইৰ লগত ঘৰৰ পৰা আঁতৰত গই কথা পাইছিলোঁ। তাই মোক সোধাত মই তাইক কৈছিলো তুমি যদি বেলেগ কাৰোবাক ভাল পোৱা মোক কিয় ভাল কোনো নাই বুলি কৈছিলা তেতিয়া তাই কৈছিল যে তোমাৰ আগত সি মোক ভাল পাও বুলি কৈছিল কিন্তু সি মোক সদায় ব্যৱহাৰৰ বাবে হে ভাল পাব বিচাৰিছিল। সেইবাবে মই তোমাৰ লগত চিনাকি হোৱা পিছত তুমি যেতিয়া মোক ভালপোৱা বুলি গম পালো তোমাক ভাল পাও বুলি কলোঁ, এইটো এ কথা এতিয়াও যদি তুমি মোক ভুল বুলি ভাবি আঁতৰি যোৱা মই বেয়া নাপাও কিন্তু বিশ্বাস ৰাখিবা মই এতিয়া মাথোঁ তুমাকে ভাল পাও, তোমাৰ বাহিৰে কোনো নাই মোৰ জীৱনত।
এনেদৰে কোৱা পিছত মই তাইক ক্ষমা বিছাৰিলো আৰু আমাৰ মাজত আগৰ দৰে আকৌ সকলো ঠিক হল। আমি তাৰ পিছত খুব কাজিয়া কৰা হলো হাঁহি ধেমালি আৰু তাই মোক সদাই অভিমান কৰা হল, মোৰ আগৰ পৰা অভ্যাস আছিলে যে মই ৰাতি ১০ বজাত শুই যাওঁ কিন্তু তাই মোক খুব খং কৰিছিল তুমি কিয় ৰাতি মেছেজ দিলে ও ৰেপ্লায় নিদিয়া আৰু ফোন কৰিলে ও কিন্তু মই তাইক কৈছিলো যে মোৰ অভ্যাস নাই ৰাতিলৈ থকাৰ গতিকে শুই যাওঁ সেই লৈ আমাৰ মাজত সদাই এখন কাজিয়া চলিছিল কলেজত আৰু তাই মোক খুব জোৰত হাতত মাৰিছিল আৰু কৈছিল আজিৰ পৰা যদি ইমান সোনকালে শুই যোৱা মোক শুই যোৱা বুলি কবা এটা মেচেজ দি হলে ও নহলে তোমাৰ ঘৰত যাই তোমাক......।
আৰু মই হব বুলি কৈ প্ৰায়ে সেইটো ভুল কৰিছিলো। কাৰণ মই কলেজৰ বাহিৰে বাহিৰে টিউচন পঢ়াইছিলো সেইবাবে ঘৰত আহি ভাগৰ লাগি যাই আৰু সোনকালে শুই যাওঁ। সেইটো কথা গম পোৱা পিছত তাই মোক কৈছিল যে তুমি মোক কিয় আগত কোৱা নাছিলা মই এনে তোমাক খং কৰিলোঁ। মই এনে বুলি এটা হাঁহি মাৰি দিছিলোঁ কাৰণ মই তাইৰ সদাই খং উঠা মুখ খন চাই ভাল পাইছিলো কাৰণ তাই খং উঠিলে আৰু ধুনীয়া দেখা হই। আৰু তাইৰ খং কৰা পিছত যি হাঁহি দিয়ে সেই হাহিটো অতি মৰম লগা ।
এনেকৈ আমাৰ দিনবোৰ পাৰহৈ গৈ থাকিলে...
তাৰ মাজতে এদিন আমাৰ কলেজত বাৰ্ষিক অধিবেশন আছিলে আৰু তাই মোক কলেজৰ গেট ত ৰব দিছিল মই তাইৰ কথা মতে ৰৈছিল আৰু আমি একে লগে বাৰ্ষিক অধিবেশনৰ শেষলৈ আছিলোঁ আৰু মই খুব নাচিছিলো। এনেদৰে যেতিয়া অধিবেশনৰ শেষ হৈছিল তাই হঠাৎ নেদেখা হই গৈছিল আৰু মই বহুত বিছাৰিলো কিন্তু দেখা নাপালোঁ তেনেতে মই ফোন কৰিলোঁ আৰু কত থকা বুলি কোৱাত তাই কৈছিল যে তাই ঘৰ পোৱা বুলি। মই ভাবিলো একো নাই লগৰ কাৰোবাৰ লগত চাগে গল কিন্তু দুদিনমান ৰ পিছত গম পালো তাই সেইদিনা কলেজৰ প্ৰতীম নামৰ লৰা জনৰ লগত হে গুচি গৈছিল। আৰু মোক মিছাতে ঘৰ যোৱা বুলি কৈছিল।
তাৰ পিছত আকৌ এদিন তাই ঘৰ যাওঁ বুলি তাৰ লগত এ ফুৰিব গৈছিল কিন্তু মোক তাই ঘৰ যোৱা বুলি এ কৈছিল। কিমান দুখ লগে যেতিয়া সমুখৰ মানুহ জনে আপোনাক মিছা কৈ থাকে আৰু আপুনি অথচ সকলো কথা এ গম পায়।
মই কিন্তু তাইক কোনো দিন মই গম পোৱাটো জানিব দিয়া নাছিলোঁ। এনেকৈ তাই লাহে লাহে সলনি হব ধৰিলে মই সেইবাবে তাইৰ লগৰ বান্ধৱী জনিক জনালোঁ এটা কথা যে মই তাইৰ কথা বোৰ বেলেগ পাইছোঁ আৰু তাইও মোক মিছা মাতা হৈছে, যদি মোৰ প্ৰতি ভালপোৱা নোহোৱা হৈ গৈছে কৈ দিয়া মই আঁতৰি যাম কিন্তু মিছা আশা ত কিয় ৰখা গতিকে মই যিহেতু কম্পিউটাৰ এক্সপাৰ্ত আছিলোঁ গতিকে মই তাইক হেক কৰিম.... তাই ও মোক কলে ঠিকে আছে তুমি যিহেতু সঁচা গতিকে কৰি চোৱা কাৰণ তোমাৰ যাতে ক্ষতি নহয় কাৰণ তুমি যিহেতু সঁচা ভাল পোৱা তুমি চাই লোৱা.. গতিকে মই যেতিয়া তাইক হেক কৰিলোঁ আৰু বহুতো এনে কথা গম পালো যি বোৰে মোক আজিও আঘাত দিয়ে। তাৰ পিছত মই সেইবোৰ গম পোৱাৰ পিছত তাইৰ পৰা লুকাই ৰাখিলোঁ কাৰণ তাই মোক জনাই নে নাই সেইবোৰ কথা মই তাৰে কাৰণে ৰখি আছিলোঁ। আৰু মই একো নজনা দৰে আগৰ দৰে থাকিলো।
তাৰ মাজতে এদিন তাই ঘৰলে গল মামা ক হতৰ তাৰ পৰা আহি তাই সম্পূৰ্ণ ভাবে মোৰ লগত সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ ধৰিলে, কিন্তু মই তাইক একো নজনা এ দেখাই থাকিলো।
যি জনি ছোৱালীয়ে মোৰ লগত ৰাতি ২বজালৈ কথা পাতিব নোৱাৰিলে খং কৰে ,অভিমান কৰে আজি সেই বোৰ কত? এদিন মই তাইৰ পৰা আঁতৰি নোযোৱাৰ কথা লৈছিল আজি তাই কি কৰিলে মোৰ লগত?
চন ২০১৮ ৰ ৩১ ডিচেম্বৰ তাই মোক ৰাতি শেষ বাৰলৈ ফোন কৰিছিল নতুন বছৰৰ শুভেচছা দিবৰ বাবে. ২০১৯ ৰ ২ জানুৱাৰী তাই মোক মেছেজত কলে যে তুমাক মই কথা এটা কও বেয়া নাপাবা নিজতকৈ কাকো বেছি কেতিয়াও ভাল নাপাবা,তুমি বহুত ভাল লৰা তুমি মূতকৈ বেছি ভাল ছোৱালী পাবা, মই তোমাক ভাল পাবলৈ নোৱাৰোঁ কাৰণ মই যে মামা হতৰ ঘৰত গৈছিলো মমা হতৰ গাঁওৰ যিজন প্ৰথম ভালপোৱা মোৰ লৰা আছিল মই তাৰ জেগা কাকো দিব নোৱাৰোঁ তাক দেখি মই আজিও তাৰ কাৰণে পাগল. আজিও মই তাৰ বাবে দুৰ্বল তুমি মোক বেয়া নাপাবা ক্ষমা কৰিবা তোমাক মই ভাল পাব নোৱাৰোঁ
সেইদিনা তাইৰ মুখেৰে সেই খিনি কথা শুনি মই সম্পূৰ্ণ ভাৱে পাগল হৈ গৈছিলো। দুই সপ্তাহ মান মই ভাত পানী খাব নোৱাৰা হৈ গৈছিলো, কেৱল মই কিও সলনি হলো তাকেই ভাবি থাকোঁ,কিয় মই এই ভালপোৱাৰ মাজত সুমালোঁ নিজকে প্ৰশ্ন কাৰো এনেকৈ আমাৰ পৰীক্ষা আহি পালে আৰু মোৰ খুব বেয়া হৈছিল পৰীক্ষা, আৰু মোৰ বেক লাগি গৈছিল।
এনেকৈ কলেজৰ সকলোৱে মোক হাহিবলে ধৰিলে, আমাৰ মাজৰ কথা বোৰ গম পাই মই খুব লাজ পাইছিলো এনেকৈ এদিন তাই তাইৰ লগৰ বান্ধৱী জনিক মই কিবা বেয়া কে কোৱা বুলি মোক মিছা বদনাম লগালে আৰু মই গম পোৱাত মই খঙত সম্পূৰ্ণ কলেজৰ মাজত তাইক আঙুলি জোঁকাৰি দম দি কৈছিলো তই কি বস্তু মই ভালকৈ জানো মোক মিছা বদনাম নিদিবি তই যদি মোক ভাল নপাও এ কৈ দিয়া নাছিলি কীয়? তই যে মোৰ লগত তনে কৰি আছিলি মই আগে গম পাইছিলো কাৰণ টোক মই হেক কৰিছিলোঁ আৰু তই কিমান ভাল জানো মই ঘৰ যোৱা বুলি মোক কই কত কত যায় কি কৰিছা সম্পূৰ্ণ ফটো ভিদিও মোৰ লগত আছে কাৰ লগত কি কথা পতিচা মই সকলো জানো। কিন্তু চিন্তা নকৰিবি মই টোক ভাল পাইছিলো সঁচাকৈ গতিকে সেইবোৰ ফটো ভিডিও মই একো নকৰোঁ কেবল টোক জনালোঁ যে মই ও গম পাও।
সেই দিনাৰ পৰাই মই প্ৰতিজ্ঞা কৰিলোঁ যে জীৱনত কাকো ভাল নাপাওঁ আৰু তাইৰ ও কোনো দিন মুখ নাচাও গতিকে মই কলেজৰ শেষৰ এটা বছৰ থাকোতেই IBPS পৰীক্ষা দিলোঁ আৰু ভগবানৰ আশীৰ্বাদ ক্ৰমে মই গোটে কামৰূপ জিলাৰ ভিতৰত ৯৬.০২% দি উৰ্ত্তীণ হলো আৰু সিমানতে কলেজ জীৱন সাং কৰি জীৱন বাটত খোজ দিলোঁ। আৰু মই সত্ৰিশগড় গুচি গলো প্ৰশিক্ষণৰ কাৰণে তাৰ পৰা আহি আজি মই এনে এক শিখৰত আছোঁ যিটো মোৰ বাবে কল্পনাৰ বাহিৰত ICICI BANK ৰ মই লোণৰ বিভাগৰ মেনেজাৰ হিচাবে কৰ্মৰত হই আছোঁ। আজি তাই মোৰ লগত জি কৰিলেও মই আজি অন্তৰৰ পৰা তাইক ধন্যবাদ জানাও যে আজি মোৰ এই সফলতাৰ আঁৰত তাইয়ে একমাত্ৰ .. তাই হইটো মোৰ লগত তেনে নকৰা হেঁতেন মই আজি এই পৰ্যায়ত নথাকিলো হয়।
মানুহে কৈ নহয় প্ৰতিজন সফল পুৰুষৰ পিছত এজনী মহিলা থাকে বুলি হয় আজি এইটো প্ৰমাণিত।
শেষত এটাই আশা কৰো তাইও যাতে জীৱনত সকলো সুখ পাই তাৰে কামনা কৰিলোঁ প্ৰভূত ওচৰত, আজি এই কথা বোৰ তাইৰ এক স্মৃতিত লিখা গল নহলে ইমান কথা চাগে মই এতিয়া মুখেৰে ও নকওঁ, যি হক তাই মোৰ প্ৰথম ভাল পোৱা আছিল আৰু সদাই থাকিব, তাইৰ জেগাত কোনো বেলেগ আহিব নোৱাৰে.. আজীৱন তাইক এ ভাল পাই যাম। কেবল এটা বস্তুৱে বুজি পালোঁ আমাৰ চকু জুৰিয়ে যাক বিচাৰে সেই সকলোবোৰ আমাৰ কপালত নাথাকে। আজি আমাৰ মাজত এজনে আন জনৰ প্ৰতি ভাল পোৱা থাকক বা নথাকক কিন্তু মই তাইৰ বাহিৰে আন কাকো ভাল পাবলৈ নোৱাৰোঁ। তাই মোৰ প্ৰথম আৰু শেষ ভাল পোৱা।
যদিহে পঢ়ি ভাল পালে তেন্তে আপোনাৰ বন্ধু-বান্ধবৰ ৰ লগত চেয়াৰ কৰিব নাপাহৰিব,
অাৰু লগতে এনেকুৱা ধৰনৰ অাৰু Posts পাই থাকিবৰ বাবে তলত Scroll Down কৰি Follow বুটাম তো ক্লিক কৰক।
` অসমীয়া কবিতা, অসমীয়া কাহিনী, বুঢ়ী আইৰ সাধু, দৈনন্দিন জীৱনত ঘটা কিছুমান সৰু সুৰা কাহিনী, চুটি গল্প, গল্প সংকলন, উপন্যাস, বিহু গীত, অসমীয়া গীত, দুখজনক কাহিনী, মৰম ভালপোৱা কাহিনী, খাদ্য সামগ্ৰী, ৰেছিপি, বাতৰি, স্বাস্থ্যৰ টিপছ, লব কাহিনী, সুপ্ৰভাত, অসমীয়া ইচটেটাচ, Assamese Status, অসমীয়া আদি চাই থাকিবৰ বাবে বেল আইকনটোত টাপ কৰি আমাক ফ'ল' কৰি থওক। `