প্ৰকৃতি এতিয়া ৰুষ্ট - Prakriti Atiya Rustwo | A Beautiful Assamese Poem on World Environment Day | Manisha Bharadwaza.

প্ৰকৃতি এতিয়া ৰুষ্ট - Prakriti Atiya Rustwo

প্ৰকৃতি এতিয়া ৰুষ্ট - Prakriti Atiya Rustwo | A Beautiful Assamese Poem on World Environment Day Tittle Image


প্ৰকৃতি এতিয়া ৰুষ্ট 



সময় গতিশীল

গৈ আছে উভতি নোচোৱাকৈ

কিন্তু লৈ গৈছে চাৰিওফালৰ সেউজীয়াখিনি 

দি গৈছে কংক্ৰিতৰ এক জীৱন 

যিয়ে আজি শিকাইছে 

সেউজীয়াখিনি কি ? 

ক'ত হেৰাল এই সেউজীয়াখিনি ? 

কোনে হেৰালে?  


কাৰণ মাথোঁ ব্যক্তিগত স্বাৰ্থই নহয় জানো

কাৰণ মাথোঁ কিছু ভুৱা সুখে নহয় জানো

যাৰ বিনিময়ত এতিয়া প্ৰকৃতিয়ে জীৱন লৈছে

নিজক হেৰুৱাই এতিয়া প্ৰকৃতি ৰুষ্ট হৈছে 

যাৰ কাৰণে প্ৰকৃতিয়ে লৈছে নিজৰ প্ৰাপ্য 


আমিয়ে জগৰীয়া নহয় জানো

আজিৰ এই পৰিস্থিতিৰ বাবে 

নিজেই জগৰীয়া নহয় জানো 

সেউজীয়া প্ৰকৃতিৰ ৰূপ কঢ়াৰ বাবে 


উত্তৰ জানো আছে আমাৰ হাতত 

পাৰিম জানো দিব ঘূৰাই

প্ৰাকৃতিক নিজৰ ৰূপ 


By: মণীষা ভৰদ্বাজ