অনুভৱ আপোনাৰ - Anubhav Apunar | A Beautiful Assamese Emotional Poetry

অনুভৱ আপোনাৰ - Anubhav Apunar | A Beautiful Assamese Emotional Poetry 



অনুভৱ আপোনাৰ - Anubhav Apunar

আপোনাৰ হাঁহিটিৰ ঠিকনা এতিয়াও সযতনে ৰাখিছো দুচকুৰ উমাল সান্নিধ্য বিচাৰি বাৰে বাৰে আপোনাৰ প্ৰেমত মাতাল হওঁ....। 

আপোনাৰ কম্পিত ওঁঠত নিগৰা মোৰ নামৰ ভালপোৱা হাঁহিটি চাবলৈ এতিয়াও চকুযুৰিৰ প্ৰত্যাক্ষিত আশা, 
সপোনৰ আঁৰতে আপোনাৰ হাঁহিটিয়ে নীৰৱতা ফালি দুচকু জীপাল কৰিছিল দুৰু দুৰুকৈ কঁপা হিয়াৰ মাজত...। 


চ'তে দি যোৱা মোৰ লঠঙা হৃদয়ত আপোনাৰ আগমনৰ বৃষ্টিয়ে সেউজীয়াৰ সুবাস ধালে প্ৰাণে প্ৰাণে, 

স্পন্দিত হৃদয়ত আপোনাৰ উপস্থিতি আছিল আঘোণৰ সোণোৱালী অবুজ শিহৰণ, 
শিহৰণৰ দুমোজাত অজানিতে গঢ়ি উঠিছিল মিতিৰালি..। 
আপুনি বাৰু জানেনে....? 
মোৰ বাগিচাত আপোনাৰ হাঁহিৰ সুবাসত পৰিপূৰ্ণ হৈ উঠিল নানাৰঙী ফুলবোৰ..। 

আকৌ এবাৰ আহিবছোন বাৰিষাৰ এজাক বৰষুণ হৈ..... 
সপোনসনা সেউজী ধৰণীত নতুনত্ব সুবাস ধালিবলৈ মোৰ উন্মনা হৃদয়ৰ অন্তহীন ভালপোৱাৰ আলি দুমোজালৈ। 

আজিও আপোনাৰ হাঁহিৰ সুবাসত সাৰ পায় উঠে নিজানৰ নিতাল ক্ষণত মনৰ ঠিকনা, 
মোৰ মুখৰ অস্ফুট হাঁহি নিগৰে আপোনাৰ আলোকচিত্রৰ সুঘ্রাণ পায়। 

অবুজ হৃদয়ৰ সৰি পৰা কিছুমান প্ৰশ্ন.... 
আপোনাৰ অনুভৱৰ বিশৃংখলতাত নিবিচাৰে যাত্রাৰ পৰিচয়... 
বিচাৰে কেৱল যাত্রাৰ প্ৰতিপলৰ সহযাত্রী। 

যাত্রাত দুচকুৰ অলেখ সপোন সুৰুজৰ হেঙুলি কিৰণ কঢ়িয়াই অনা সুবাসত পৰিপূৰ্ণ হ'ব জীৱনৰ পাতনি....।।



By: অনামিকা বৰগোহাঁই।