প্ৰেমৰাগ - Premrag | A Beautiful Assamese Love Poem / Poetry

প্ৰেমৰাগ - Premrag

প্ৰেমৰাগ - Premrag - Motoliya.in


প্ৰেমৰাগ


মোৰ সৰগী প্ৰেমৰ
তুমি হাঁহি হেঁপাহৰ,
মোৰ সুৰীয়া জোনাকৰ
তুমি শেৱালি সুবাসৰ!

ফুল হৈ ফুলি,
জোন হৈ জ্বলি,
তৰা হৈ ছানিচা মনত!

মন মোৰ উৰি
ডেউকা মেলি
আবেগৰ সুঁতি
মিলি যায় তোমাৰেই প্ৰাণত!

মোৰ ফাগুনী মনৰ
তুমি ৰং হেঙুলৰ,
মোৰ শীতৰ চোতালৰ
তুমিয়েই পৰশ নিয়ৰৰ!
                 
By: ৰঞ্জন জ্যোতি বৰা।