মৃত্যু - Mritu A Beautiful Assamese Poetry Mritu (Death) By Pritishna Saikia, Mritu Poetry.
মৃত্যু - Mritu A Beautiful Assamese Poetry
মৃত্যু
হিমশীতল মৃত্যু যদি তোমাৰ উমাল বুকু হয়,
তাতেই মোৰ উশাহৰ শেষ ঠিকনা হওঁক।
তুমি বিহীনতাৰ শূণ্যতাতকৈ তোমাৰ বুকুৱেই মোৰ শেষ আশ্ৰয় হওঁক।
বিচ্ছেদৰ অগ্নিত প্ৰতিদিনে জ্বলাতকৈ হৃদস্পন্দনো থমকি ৰওঁক অনন্ত কাললৈ।
মোৰ সপোনবোৰ পূৰ্ণ হওঁক তোমাৰ সপোনৰ মাজত।
আশাবোৰ লীন যাওঁক তোমাৰ নামত।
শব্দবোৰ প্ৰাণ পাওঁক তোমাৰ ওঁঠত।
চিৰদিন বৈ ৰওঁক হৃদয়ৰ ভাজত।
সুখৰ নদী বোঁৱতি হৈ বৈ যাওঁক দূৰ দিগন্ত।
মোৰ সুখে বাট লওক তোমাৰ ভাগ্যলৈ!
দুখবোৰ ধুই নিও মই নিশাহৰ বাটেৰে।
মৰমবোৰ সিঁচি দিওঁ মমতাৰ দোলেৰে।
জী উঠো মই তোমাৰ প্ৰাণত,
মৃত হৈও জীৱিত ৰঁও তোমাৰ মাজত।
By:- প্ৰীতিষ্ণা শইকীয়া। (MRITU)