মই কোন - Moi Kun | A Beautiful Assamese Poem by Pinki Bora
মই কোন - Moi Kun
A Beautiful Assamese Poem.
মই কোন
নুশুধিবা মই কোন
মই মোৰ বাবে এটি মাথোঁ সাঁথৰ,
সুখ আৰু হাঁহিবোৰেই যেন
মোৰ বাবে মাত্ৰ দুখৰ বাহক।
কিয় নাজানো
মোৰ উশাহ, মোৰ আৱেগ
সকলোতেই যেন মাথোঁ তোমাৰেই সুবাস আৱাস
ই যেন মোৰ হৃদয়ৰ এক অব্যক্ত অনুভৱ।
তুমি মোক জানিব বিচৰা
নালাগে দিয়া জানিব
মই কোন ?
মাথোঁ মোক এনেকৈয়ে থাকিব দিয়া
এটি মাত্ৰ নামহীন যন্ত্ৰণা হৈ।
by পিংকী বৰা