এটি প্ৰেমৰ কবিতা - Ati Premor Kobita | অসমীয়া কবিতাৰ সম্ভাৰ | A Beautiful Emotional Assamese Poem by Pinki Bora


এটি প্ৰেমৰ কবিতা

ভাল লগা আৰু ভাল পোৱা 
দুয়ো যেন আজিকালি ক্ষন্তেকীয়া, 
যত পোৱাৰ হেঁপাহতকৈ হেৰুওৱাৰ 
দুখবোৰে যেন খুন্দা মাৰি ধৰে!!

লিখিব মন যায় জানা     
এটি নিভাঁজ প্ৰেমৰ কবিতা 
কিন্তু আজি যেন মই শব্দবিহীন কৰবাত 
মাজে মাজে মইও ভাবো 
মোৰো যদি হ'লহেঁতেন চিনেমাবোৰত 
দেখুওৱাৰ দৰে খুন্দা খাই কিতাপ সৰি পৰা, 
তাৰ পিছত দুয়োয়ে দুয়োৰ চকুজুৰিলৈ চোৱা
লাহে লাহে ভাললগা আৰু ভালপোৱা
মাথোঁ সময়ে বহু কথাই বুজাব, শিকাব 
মৰমবোৰো দুগুনে বাঢ়িব 
ভালপোৱাবোৰো হৈ পৰিব গভীৰ!! 

কিন্তু নাই এতিয়া তেনে কোনো প্ৰেয়সী 
আছে মাথোঁ বুকুত বিষাদবোৰ
নীৰৱতাবোৰেই প্ৰিয় 
মাথোঁ সেয়া আছিল মোৰ মনৰ এক কল্পনা, 
অনাগত দিনবোৰত সাঁচি ৰাখিছোঁ লিখিম বুলি 
এটি নিভাঁজ প্ৰেমৰ কবিতা !!

By: Pinki Bora