অভিমান- এটি অনুগল্প
অভিমান- এটি অনুগল্প
চাহ খাও বুলি হোটেলখনত সোমাওতেই দেখিলে পুতেক-বোৱাৰীয়েক হালো তাতে বহি আছে। কিছু সময় ৰহ লাগি চাই ৰ'ল শইকীয়া; তাৰ পিছত দিও নিদিও কৈ খোজটো দিলে ভিতৰলৈ। অৰ্ডাৰটো দি বেগা-বেগিকৈ গৈ নিজৰ গন্তব্য স্থানত বহিল তেওঁ। কাৰো মুখত মাত-বোল নাই। নিৰৱতা ভাঙি এইবাৰ শইকীয়ানিয়ে ক'লে-
: Wash Room ৰ পৰা আহি আছোঁ
মাকক দেখা মাত্ৰেই বোৱাৰীয়েকেও লৰ দিলে সেইপিনে।
: কি খবৰ মা?
: আছোঁ দিয়া আৰু কেনেবাকে। বছৰৰ পিছত বছৰ পাৰ হ'ল নাতিনীজনীৰ মুখখনকে দেখা নাপালোঁ।
: উপায়বিহীন আমি মা!! কোনে বুজাই অটাব এওঁলোকক?
: ঈশ্বৰে যি কৰে আৰু!
আকাশখন ক'লা ডাৱৰে ছানি ধৰিলে। বাপেকৰ পিনে এপলক চাই মুখ ঘূৰালে পুতেকে। সাত বছৰ আগৰ কাজিয়াখন চকুৰ আগত ভাঁহি উঠিল। মৰমবোৰে মাতে কিন্তু অভিমানে বাধা দিয়ে আৰু শেষত গৈ তাৰে জয় হ'ল। তেজৰ সম্পৰ্ক আজি অচিনাকি হৈ পৰিল। কি বুলি মাতষাৰ দিম ভাবি থাকোঁতেই সময়ৰ ওৰ পৰিল।
অাশা কৰিলো পঢ়ি ভাল পালে
-জুমি দাস
❤️🧡💛💚💙💜
` অসমীয়া কবিতা, অসমীয়া কাহিনী, বুঢ়ী আইৰ সাধু, দৈনন্দিন জীৱনত ঘটা কিছুমান সৰু সুৰা কাহিনী, চুটি গল্প, গল্প সংকলন, উপন্যাস, বিহু গীত, অসমীয়া গীত, দুখজনক কাহিনী, মৰম ভালপোৱা কাহিনী, খাদ্য সামগ্ৰী, ৰেছিপি, বাতৰি, স্বাস্থ্যৰ টিপছ, লব কাহিনী, সুপ্ৰভাত, অসমীয়া ইচটেটাচ, Assamese Status, অসমীয়া আদি চাই থাকিবৰ বাবে বেল আইকনটোত টাপ কৰি আমাক ফ'ল' কৰি থওক। `