অনুভৱ - Anubhav | A Beautiful Assamese Poetry by Rituparna Chakravorty

অনুভৱ - Anubhav | A Beautiful Assamese Poetry

অনুভৱ - Anubhav | A Beautiful Assamese Poetry by Rituparna Chakravorty

অনুভৱ - Anubhav




কষ্ট, বৰ কষ্ট পাইছো অ,

তোমাৰ অনুভৱে হৃদয়খনৰ আকৃতি সলনি কৰি পেলালে।
 
মোৰ ভগ্ন হৃদয়ৰ সপোন ৰচি কিয় থমকি ৰ'লা।

তোমাৰ শ্বাশ্বত স্পৰ্শীয় অনুভূতিৰে বিলোৱা প্ৰেমৰ আলিংগন বোৰৰ অভাৱ অনুভৱ কৰিছো আজি।

তোমাৰ চিঞঁৰৰ অদম্য শক্তিৰে ঘনে ঘনে মোৰ মনত বীনা বজাই।

দিওঁতাই হিয়াভৰাই দিছে তোমাক , বিলোৱাত কৃপনালি কিয় কৰিছা অ।

আমাৰ ভাল পোৱাত নাছিলটো কোনো সমীকৰণ,

আছিল কেৱল মৰমৰ এখন বিশাল আৱৰণ।

তোমাৰ নামৰ অৰ্থ বিচাৰি আজি ব্যৰ্থ মই।

তথাপিতো শব্দবোৰ বুজিবলৈ চেষ্টা কৰিছোঁ।
                  
দোমোজাৰ মাজত অকলশৰীয়া অনুভৱ কৰিছোঁ তথাপিও ভাগি পৰা নাই।




কিয় জানা?

আমাৰ ভালপোৱাত নাছিল কোনো সমীকৰণ।

আছিল মৰমৰ এখন বিশাল আৱৰণ।

শ্বাসৰুদ্ধ বিহংগৰ দৰে আজি মই পিজ্ঞৰাবদ্ধ।

তোমাৰ প্ৰেমৰ সুৱাস বিচাৰি আজি মই এটি অৱহেলিত প্ৰেতাত্মা।

সকলো বুজো, তুমি লৈ ফুৰা শূণ্যতাক পূৰাবলৈ বাৰে বাৰে ঢাপলি মেলো।

তোমাৰ নামৰ সংজ্ঞাৰে মোৰ মনত চিৰদিনৰ তৰাৱলী স্বপ্ন আকোঁ।
                    
মোৰ হৃদয়খন এতিয়া তোমাৰ মৰমৰ শিকলিৰে মেৰিয়াই ৰখা অনুৰাগৰ মায়া। 

কেৱল মাথো নিজস্বতা হেৰুৱাই দুহাত মেলি অপেক্ষাৰত আজি মোৰ অনভৱৰ মায়া। 


By: ঋতুপৰ্ণ  চক্ৰৱৰ্ত্তী