সোঁৱৰণি - Xuoroni | A Emotional Assamese Poetry

সোঁৱৰণি - Xuoroni

সোঁৱৰণি - Xuoroni | A Emotional Assamese Poetry

সোৱৰণি

আৰু তই নাহিবি,নাহিবি
বাৰে বাৰে কিয় মোক
কৰ আমনি।
সোঁৱৰণি নিদিবি মোক
অতীতৰ কৰুণ স্মৃতি
লৈ গুছি যা পাহৰণি
আৰু নাহিবি।
প্ৰেমালিঙ্গন আৰু তপত
চকুলোৰে
দুটি ওঁঠৰ স্নেহ চুম্বন
কপিছে স্মৃতিৰ পাপৰিত
কালৰ বুকুত মিলি যা সোঁৱৰণি 
চকুলোৱেই যদি সংগী হয়
কাল ধুমুহাৰ গতি ৰোধ হয়
সোঁৱৰণি আৰু তই নাহিবি
নাহিবি মোৰ কাষলে।

By দীপাঞ্জলী চহৰীয়া