আহিবচোন মাজুলীলৈ - Ahibosun Majuli Loi | A Beautiful Emotional Assamese Poem on Majuli - India's Largest River Island.
আহিবচোন মাজুলীলৈ - Ahibosun Majuli Loi
A Beautiful Emotional Assamese Poem
on Majuli - India's Largest River Island
আহিবচোন মাজুলীলৈ
তৰা ফুলা ফৰিং ফুটা আকাশৰ
জোনাক নিশাত এইবাৰো
মাজুলীৰ ৰাস মহোৎসৱত আহিবচোন এপাক,
শ্ৰী কৃষ্ণৰ ৰাস লীলা উপভোগ কৰিবলৈ।
কানাইৰ মুৰুলী,
দৈৱকী আইৰ কৰুণ বিননি
কংসৰ গৰ্জনত,
শৰততেই প্ৰাণ পাই জিলিকি উঠা মাজুলীৰ
এই অপূৰ্ব লীলা খন চাবলৈ
আহিবচোন এপাক মাজুলীলৈ।
মোৰ বিশ্বাস
ভাল পাব আপুনিও মাজুলীলৈ আহি,
মুহি পেলাব আপোনাৰ মনকো
প্ৰতি মূহুৰ্ততে বাজি থকা
সত্ৰীয়া সংস্কৃতিৰ সেই অপূৰ্ব
ডবা আৰু শংখৰ ধ্বনিয়ে,
মাজুলী মানেই সত্ৰীয়া ভাৱনাৰে ভৰপূৰ
জাকত জিলিকা হেঁপাহৰ ঠাইখনি।
সেয়ে পুনৰ আপোনাকেই কৈছোঁ,
সময় পালে আহিবচোন মাজুলীলৈ
ৰাস লীলা উপভোগ কৰিবলৈ।
by পিংকী বৰা