স্মৃতিবোৰ সুৱৰিম এবাৰ হ'লেও - Smritibur Xuorim Ebar Holeu | A Beautiful Assamese Poetry

স্মৃতিবোৰ সুৱৰিম এবাৰ হ'লেও - Smritibur Xuorim Ebar Holeu



স্মৃতিবোৰ সুৱৰিম এবাৰ হ'লেও



স্মৃতিৰূপে ৰৈ যোৱা ক্ষণবোৰ
মধুকৰৰ দৰে বিচাৰিম,
সঞ্চিত কৰিম এৰি অহা দিনবোৰ।
হৃদয়ৰ মণিকোঠাত সজাই ৰাখিম
বন্ধুত্বৰ আপোনত্বৰ আলিংগনবোৰ ।
জোলোঙাটোত সদায় বিচাৰিম,
মৰমৰ স্মৃতিবোৰ।
সন্তাপত সান্তনাৰ মাত 
আউসীত জোনাকী বাট হৈ,
অযুত সপোন লৈ
সকলোৱে আগবাঢি যাম,
জীৱন পথৰ সন্ধানত।
বিশ্বাসৰ অসীম আশা লৈ,
এদিন লগ পাম!
একোজন ব্যস্ত নাগৰিক হিচাপে।
সময় যদি নাটনি হয়
তথাপিও!
সীমাহীন শব্দৰ পৰিভাষা দি,
এৰি অহা দিনবোৰৰ
স্মৃতিবোৰ সুৱৰিম এবাৰ হ'লেও।


By: Ankita Talukdar