খেলিমেলি - Khelimeli | A Beautiful Assamese Poetry

খেলিমেলি - Khelimeli | A Beautiful Assamese Poetry


Tittle Image: খেলিমেলি - Khelimeli | A Beautiful Assamese Poetry


খেলিমেলি - Khelimeli



কিঞ্চিতমানো সুখ বিয়পি পৰক 
তাৰেই অপচেষ্টাত 
মনটোক নীৰৱতাত যাহ যাবলৈ 
এৰি দিছোঁ৷
ভাললগাবোৰক স্মৃতিৰ পাতত
আঠা লগাই
মই দেখি থকাকৈ আঁৰি ৰাখিছোঁ৷
আহ! কিযে জীৱন এইয়া,
মৌনতাৰ ভাষাবোৰ
বুজি উঠিবলৈও
দুচকু মেলিব নোৱাৰি৷
বতাহজাকে বৰকৈ আমনি কৰে৷৷


By: Dipsikha Bora