যেন এটি খোজ - Jen Eti Khuj | A Beautiful Emotional Assamese Poetry | Himashree Majumdar

 যেন এটি খোজ - Jen Eti Khuj | A Beautiful Emotional Assamese Poetry 

যেন এটি খোজ - Jen Eti Khuj | A Beautiful Emotional Assamese Poetry | Himashree Majumdar

যেন এটি খোজ - Jen Eti Khuj


ঢৌবোৰে যেন উমলিছে 
আউলি বাউলী হৈ
দুই পাৰে উমি থকা
বিষাদবোৰ চুই যাবলৈ।
কেতিয়াবা ভাৱ হয়,এনে লাগে...
দি যাব নেকি?
এক পোহৰৰ ঠিকনা
কিয়...
কিয় মই বিচাৰিছোঁ আজি
এৰি অহা বাটৰ শলিতা
মই জানো নাজানো।... সেই,
হেৰুৱা বিষাদৰ স্পন্দন হৈ 
ভেটি ধৰিছে আশাৰ ৰাগিনী
ৰিণিকি বাজিছে...
দি যাব নেকি।
হেৰাই যোৱাৰ ঠিকনা
এৰি অহা আশাৰ সঁফুৰা।
হেজাৰটি সপোন যেন আজিও
হৈ আছে উজাগৰী
তথাপিও...
তথাপিও বিছাৰিছো আশাৰ সেই
আবিৰ সনা চাকনৈয়া,
উদ্বাউল মনে আজি শিপাইছে
হেৰাব নিদিয়াৰ উন্মাদনাত
হৈ এটি 
বঠাহীন নাৱৰীয়া।...



By: Himashree Majumdar