সোঁৱৰণী - Khuoroni | Assamese Poetry
সোঁৱৰণী - Khuoroni
সোঁৱৰণী
তুমিহীনতাৰ জ্বৰত আক্ৰান্ত মইটোৱে
পাহৰিব খুজিলেও
কেঁচা কলিজাত সাচ বহোৱা
তোমাৰ শব্দাঘাতৰ চেকুৰাবোৰে
পাহৰিব নিদিয়ে তোমাক
নিদিয়ে পাহৰিব তোমাৰ স্মৃতি বোৰে
যি উভতাই লৈ যায় প্ৰতিপলে
অতীতৰ সেই ভাল লগা কাহিনী বোৰলৈ
মনত পেলায় দিয়ে আকৌ সেই
তুমি মোৰ হৈ ৰোৱা মধূময় ক্ষণবোৰলৈ
য'ত তোমাৰ প্ৰেম প্ৰাৰ্থী হৈ দুয়ো
সপোন ৰচিছিলো বাৰিষাৰ
বৰষা জাকত তিতি
একেলগে ওমলাৰ
দুয়ো দুয়োৰে হাতত ধৰি
সাহসেৰে আগুৱাৰ...
যিবোৰ আজি মাথো সোঁৱৰণী...
সৰাপাতৰ বুকুত ৰৈ যোৱা জীয়া কাহিনী।
By- ৰাজ প্ৰীতম