হে শ্বহীদ বীৰ শ্বহীদ - He Swahid Beer Swahid | A Beautiful Assamese Poem on Beer Swahid | Poetry on Beer Swahid

হে শ্বহীদ বীৰ শ্বহীদ - He Swahid Beer Swahid

হে শ্বহীদ বীৰ শ্বহীদ - He Swahid Beer Swahid | A Beautiful Assamese Poem on Beer Swahid | Poetry on Beer Swahid



হে শ্বহীদ বীৰ শ্বহীদ



কাশ্মীৰে মাতিছে মোক ৰিঙিয়াই
তোৰ কোলাত মূৰ থৈ,
জিৰাৱলৈ নাপামেই চাগে আই;
জন্মতেই তোৰ বুকুত পোৱা আকুলতা
ভাৰতভূমিৰ বুকুতো পাইছিলো
সেই একেই মাদকতা।
শৈশৱতেই প্ৰেমত পৰিছিলো
সেই পোছাক যোৰৰ,
আৰম্ভণি আছিল হয়তো
সেইয়াই মোৰ সপোনৰ।
জাননে আই! এইবাৰ যে বহাগত 
যোৱাৰ কথা আছিল তোৰ কাষৰত,
সিও নহ'লে যে পূৰণ মোৰ আশা
নিয়তি দিলেহি মোক আন্ধাৰক উপহাৰ।


কাণ ভেদি যোৱা বাৰুদৰ শব্দবোৰে
ঢোল পেঁপাৰ শব্দবোৰক মনত পেলাই দিছে,
বুকুৱেদি বৈ যোৱা তেজৰ চেকুৰাবোৰে
জেতুকাৰে বোলোৱা ৰাঙলী দুহাতক সোঁৱৰাইছে।
বৰফৰ ওপৰত পৰি ৰোৱা
মোৰ জঠৰ শৰীৰে যে,
তোৰ মূখখনিকে চাব খুজিছে
মৃত্যুৰ বাতৰি শুনি
বাউলী জনী নহ'বি দেই মোৰ আই।


By: আল্পনা ৰাজখোৱা