চেনাইলৈ বুলি
চেনাইলৈ বুলি
চেনাইলৈ বুলি
পদূলিত দলিচা পাৰি ৰৈ আছে
হালধীয়া সোণাৰুবোৰ,
ডালত কুলিৰ বিননীও বাঢ়িব লৈছে
কপৌৰ সুবাস চাৰিওফালে সিঁচৰতি,
জেতুকা গছজোপাও ফুলি উপচি পৰিছে।
এইবাৰ জানা নতুনকৈ তাত শিকিছিলো,
নতুনকৈ বোৱনি হৈ চেনেহৰ বিহুৱান খন
তোলৈকে বুইছিলো,
তোক দেখোন দিবলৈ নাপালো।
মুগা সাজযোৰেও যেন এইকেইদিন থৰ হৈ
মোৰ ফালে চাই আছে,
তোৰ ঢোলৰ চেওত এবাৰ নাচিবলৈ
বৰকৈ মন যায় আছে,
কি কৰো ঘৰৰ পৰা চোন ওলাবকে নোৱাৰো।
প্ৰতিবছৰ দিয়াৰ দৰে এইবাৰ
তই দিয়া কপৌ খোপাত গুজি ল'ব নোৱাৰিলো ।
কথা নাই,
অহাবাৰ আকৌ নাচিম তোৰ ঢোলৰ চেওত
ৰাংঢালীজনী হৈ আঁহতৰ তলত।
যদিহে পঢ়ি ভাল লাগিল তেন্তে আপোনাৰ পৰিয়াল-বন্ধু বান্ধৱৰ লগত চেয়াৰ কৰিব নাপাহৰিব।
❤️🧡💛💚💙💜
` অসমীয়া কবিতা, অসমীয়া কাহিনী, বুঢ়ী আইৰ সাধু, দৈনন্দিন জীৱনত ঘটা কিছুমান সৰু সুৰা কাহিনী, চুটি গল্প, গল্প সংকলন, উপন্যাস, বিহু গীত, অসমীয়া গীত, দুখজনক কাহিনী, মৰম ভালপোৱা কাহিনী, খাদ্য সামগ্ৰী, ৰেছিপি, বাতৰি, স্বাস্থ্যৰ টিপছ, লব কাহিনী, সুপ্ৰভাত, অসমীয়া ইচটেটাচ, Assamese Status, অসমীয়া আদি চাই থাকিবৰ বাবে বেল আইকনটোত টাপ কৰি আমাক ফ'ল' কৰি থওক। `