অশান্ত মনৰ অনুভৱ - Okhanto Monor Anubhav | A Beautiful Assamese Poetry

অশান্ত মনৰ অনুভৱ - Okhanto Monor Anubhav

অশান্ত মনৰ অনুভৱ - Okhanto Monor Anubhav | A Beautiful Assamese Poetry


অশান্ত মনৰ অনুভৱ



নিস্ঠুৰ সংঘাতে কোঙা কৰা
হৃদয়খনৰ 
পুঞ্জীভূত বেদনাই কৰে হাহাকাৰ
সৃস্টিৰ সান্নিধ্য বিচাৰি।
অন্ধকাৰৰ কুঁহেলিকা ফালি
মোৰ হৃদয়ৰ দুৱাৰেৰে আজি
দুৰ্বাৰ ঘোৰা চেঁকুৰাই
বলিব আশাৰ বতাহ।
ৰান্ধনী বেলিৰ ছাঁত
তোমাৰ উন্মুক্ত বুকু
তাতে মই জুৰাও হিয়া।


গধুলি গধুলি
জোনাকী পৰুৱাৰ
ঢিমিক ঢামাক পোহৰত
শান্ত আকাশে হাঁহিব মিচিকাই, 
তেতিয়াও অশান্ত মনে
বিচাৰি সৃস্টিৰ মোহনা 
দিশহাৰা পথিকৰ দৰে 
দৌৰিব মৰিচীকাৰ পিছত।

By: জয়ন্ত দাস