ভয় - Bhoi | A Beautiful Assamese Poem on Fear in Assamese.

ভয় - Bhoi

A Beautiful Assamese Poem on Fear.







ভয় - Fear 

গা-ধোৱা ঘৰটোত সোমাই সি,
নিজ দেহটো চাই
চাই পুলকিত হয়
সি গাভৰু হৈছে

নিজ শৰীৰটো চাই
হাতফুৰাই
প্ৰেমত পৰে সি নিজৰে।

মুখাখন খহি পৰে গা-ধোৱা ৰূমত
অনুভৱ কৰে
ল'ৰা নহয়,ছোৱালীহে

অভিনয় মাথো অভিনয়
লাজ লাগে তাৰ
নিজকে খুলি দেখাবলৈ

নিজান ৰাতি নিজকে চাই
প্ৰেমত পৰে নিজৰে
নিজৰ আচল ৰূপটো চাই 
লাজৰ হাঁহি মাৰে
   
by জয় বৰা