কাতি বিহু - Kati Bihu A Beautiful Assamese Bihu Poetry.
কাতি বিহু - Kati Bihu
কাতি বিহু - Kati Bihu
শৰতৰ আবিৰ সানি আহিনে বিদায় ল'লে,
দুৱৰিত সিঁচি থৈ নিয়ৰৰ মুকুতা।
কঙাল কাতিৰ যথৰতা ভাঙি তুলসী জী উঠিল শৰতৰ আদৰৰ বোকোচাত।
তুলসীয়ে পালে নতুন জীৱন,
কাতি বিহুতে তাইৰো হয় যে পুনৰ জনম।
সংস্কৃতিৰ পৰম্পৰা জীয়াই ৰাখি কঙালক আদৰো বাপতি সাহোন বিহুৰে।
সেউজীয়া পথাৰ সোণোৱালী হোৱাৰ কামনাৰে পথাৰৰ বুকু উজ্লাই ৰুই দিওঁ পোহৰৰ বন্তী।
তেল-চাকিৰে পোহৰ বিলাই কাতি বিহুটি আদৰি আনো পদূলিলৈ।
নিয়ৰৰ টুপালত টুপনি ভাঙি শেৱালি বোটলাৰ আনন্দৰ সুকিয়া আমেজে মধুৰ কৰা ল'ৰালি।
সন্ধিয়াৰ আকাশত জিলিকি উঠা ৰামধেনুৰ সাতোৰঙৰ বৰ্নালীৰে জিলিকি উঠক সকলোৰে সপোন।
কাতিবিহুৰ ওলগ সকলোটিলৈ সাদৰেৰে সামৰি ল'বা আকুল প্ৰাণত।
✍️প্ৰীতিষ্ণা শইকীয়া দত্ত