দুখীয়াৰ পুতেক - Dukhiyar Putek | A Sad Assamese Short Story
দুখীয়াৰ পুতেক - Dukhiyar Putek
দুখীয়াৰ পুতেক
দুখৰিয়া পীৰাখন পীৰালিত পাৰি
কেৰাচিনৰ চাকিটো কাষলৈ আনি
ৰাতিৰ এন্ধাৰত ভাত কেইটা খাব
নিমখ অকন লৈ জলাৰে পিটিকি।
মাকে জুহালৰ পৰা মাতষাৰ লগাইছে
ভাত খাঁজ খাঁজিছে ,কবলৈ ধৰিছে,
যি দিছো চুপ-চাপ মনে মনে খাবি
খাই লৈ শুই যাবি ধাৰিখন পাৰি।
নেখাওঁ বুলি ভাবিওঁ খাবলৈ বহিছে
চাকিটিৰ পোহৰো ধিমিক-ধামাক কৰিছে ।
দুগাল মান খাওঁতেই চাকিটিও নমোৱালে
বতাহৰ কোব পূবৰ পৰা আহিছে ।
গোটেই চোতাল খন ঘিত্ ঘিত্ আন্ধাৰ
মাকক চিঞৰিলে মাৰ নাই কাণষাৰ ,
জাঙুলখোৱা প্ৰশ্ন বোৰ মনতে থেকেচি
দু-চকু বৈ যায় ছেদেলি ভেদিলে।
ইফালে জুহালত নিগৰিছিল দুচকু
উচুপনিত নেমাতে দুয়োটি ওঁঠো,
ধূসৰিত মনটো ধুৱলী কুৱলী
সন্তানৰ ভৱিষ্যতক আগছি ধৰি ।
এতিয়া কোনোবাই শুৱাপাটিত পৰিছে
হেজাৰতা প্ৰশ্নৰ উত্তৰ বিচাৰিছে,
উত্তৰ দিয়োটা কোনো নাই যদিওঁ
প্ৰশ্ন ওপৰত প্ৰশ্ন কৰিছে।
কিয় দুখীয়া আমি ইমান
খাবলৈ একো নাই ?
কিয় দুখীয়া আমি ইমান
পিন্ধিব কাপোৰ নাই ?
কিয় জানো লোকে কয়
দুখীয়া যদিও সুখী ?
তেতিয়া হলে কিয় কয়
দুখীয়াৰ আছে কোনি ?
অপ্ৰিয় যদিওঁ সত্য নেকি
মিছাতে সকলো কয়?
দুখীয়া যদিওঁ সুখত আছো
নকৰো কাকো ভয় ?
তেতিয়া হলে প্ৰতিটো কথাত
কিয় দুখীয়া কয়?
টকা নাথাকিলে একো কাম নাই
ধনীৰহে সকলো হয়?
হেজাৰ প্ৰশ্নৰ উত্পত্তি হল
উত্তৰ দিব কোনে ?
উজাগৰি ৰাতিটো পাৰ হলেওঁ
আহাকালিৰ দিনটোও তেনেই........।
By: বিজয় দাস