ৰাজনীতি - Politics | A Beautiful Assamese Short Poetry | Motoliya.in
ৰাজনীতি - Politics
ৰাজনীতি
আমাৰ দেশৰ বহু নেতা,
লুকাই লুকাই সকলোৱে লগত মিলি,
সকলো মানুহৰ চকুত পৰ্দা আৰিঁ,
আনিলে জাতিধংসী নাগৰিকত্ব সংশোধনী আইন।
এই বহু নেতাই লুকুৱাই নিজ কু-কৰ্ম,
আৰু অন্য নেতাৰ কু-কৰ্ম কয় চিঞৰি চিঞৰি।
কোন মিত্ৰ, কোন শত্ৰু,
কোন শুদ্ধ, কোন অশুদ্ধ,
চিনিবকে নোৱাৰি।
এইবোৰ সুবিধা লৈ বহু নেতাই কৰিছে ৰাজনীতি।
আমাৰ দেশৰ বহু নেতা,
লুকাই লুকাই সকলোৱে লগত মিলি থাকি,
ধংশ কৰিলে চিৰসেউজ দিহিং পাটকাই বৰ্ষাৰণ্য,
আৰু কয়লা চিণ্ডিকেতৰ বেপাৰীক ৰ্দুনীতি সুবিধা দি,
নিজ নিজ পকেট গৰম কৰিলে বহু নেতাই।
নেতাৰ ভাষনৰ পূৰ্বে আলিংগন ধৰি,
জনগণক আশা দি থৈয় যোৱা নেতাজন,
জিকাৰ পিছত জনগণ হৈ পৰে অচিনাকী সদৃশ।
আমাৰ দেশৰ বহু নেতা,
লুকাই লুকাই সকলোৱে লগত মিলি,
ৰাতি হ'লে নচুৱাই ছোৱালী।
তাৰ পিছত কয়,
ৰ'হ দুটা পেগ খাব আছে,
আৰু দিনত হাতেৰে তৈয়াৰ কৰা কপোৰ পিন্ধি,
হৈ পৰে সৰ্বশৰীৰ সংস্কৃতিৰ ৰক্ষা কৰা ঠিকাদাৰ।
আমাৰ দেশৰ বহু নেতা,
লুকাই লুকাই সকলোৱে লগত থাকে মিলি,
দৰিদ্ৰ শ্ৰেণীৰ বাবে ৰূপায়ন কৰে বহু আচঁনি,
কিন্তু সুবিধা পায় ধনীসকলে।
আৰু ভোটৰ আশাত বিনামূলীয়া অন্ন প্ৰদানৰ লগতে,
ভিন্ন খাদ্য সামগ্ৰী প্ৰদান কৰি,
কৰিছে জনগণৰ মন আকৰ্ষণ।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ থকাৰ দৰে,
এই অসমতে মিঞা কলাক্ষেত্ৰৰ দৰে,
বঙালী কলাক্ষেত্ৰ হ'ব লাগে বুলি,
বহু নেতাই কৰিছে ৰাজনীতি।
এয়াই, আমাৰ দেশৰ বহু নেতাৰ,
ৰাজনীতিৰ স্বাৰ্থপূৰণ।
By: সান্নিধ্য শইকীয়া।