'প্ৰেম নে সঁচা বন্ধুত্ব'

'প্ৰেম নে সঁচা বন্ধুত্ব'



'প্ৰেম নে সঁচা বন্ধুত্ব'

সময়বোৰ এতিয়া সলনি হ'ল 
তাৰ লগতে ৰাতিপুৱাৰ Good Morning 
আৰু ৰাতিৰ Good Night 
মেছেজবোৰো পুৰণি হ'ল
দিনটোৰ পৰিক্ৰমাৰ প্ৰথম
কামটোৱেই টো আছিল
শুৱাৰ পৰা উঠি 
তাইৰ লগত এগালমান প্ৰাণ খুলি কথা পতা
আৰু ইয়াৰ আঁৰত লোকাই থকা খং,ৰাগ,অভিমানৰ
ভাল লগা মুহূৰ্তবোৰ সাঁচি ৰখাৰ।
মোবাইলৰ ৱালপেপাৰত মই
তাইৰ ফটো লগোৱা নাছিলোঁ
কিন্তু তাইৰ প্ৰত্যেকটো Whatsapp Statusতে মই
একোটাকৈ Comment কৰিছিলোঁ।
লাহে লাহে এতিয়া সকলোবোৰ Online থাকিও Offline আৰু 
বাকীবোৰ Last Seen Mode.
নাজানো এয়া প্ৰেম নে সঁচা বন্ধুত্ব 
কিন্তু তাইৰ কথাবোৰে এতিয়াও বৰকৈ আমনি কৰে
যাক মই পাহৰিব খুজিও
পাহৰিব পৰা নাই
কাৰণ তাইক মই ওচৰৰ পৰা 
লগ পোৱা নাছিলোঁ যদিও 
তাই হৃদয়ৰ সৈতে মোৰ হৃদয় ভালদৰে
Connect হৈ গৈছিল।
এতিয়া তাই ব্যস্ত আন কাৰোবাৰ লগত
Relationship Statusত..
মই জানো তাই মোৰ কেতিয়াও নাছিল আৰু কেতিয়াও নহয় ,কিন্তু তাইৰ
বাবে মোৰ শেষ আশা  
সদায় সুখত থকা,হাঁহি থকাৰ  
আৰু এজনী ভাল বান্ধৱী হিচাপে মোৰ 
হৃদয়ৰ কোঠালিত জিলিকি থকাৰ।

Facebook Instagram

#AssameseLovePoetry #AssameseLoveStory #AssameseStory #AssamesePotry #Assamese #AssameseKahini #AssameseGolpo #AssameseKobita #AssameseSutigolpo #Sutigolpo #Kahini #Golpo #Kobita #Kabita #Grontho #Nostalgic #Kolpona #Sobdokush